PhonePe | Logo
Our Solutions
For Businesses
For Consumers
menu
Offline PaymentsAccept payments & get notified
menu
Payment GatewayAccept online payments
menu
Payment Gateway PartnerRefer and earn commissions
menu
Payment LinksCreate links to collect payments
menu
Merchant LendingAccess business loans
menu
SwitchList your app on Switch
menu
PhonePe AdsAdvertise on PhonePe apps
menu
PhonePe GuardianDetect fraud and manage risk
See Allright-arrow
menu
InsuranceSecure your financial future
menu
InvestmentsManage and grow wealth
menu
Consumer LendingSecure personal loans
menu
GoldInvest in digital gold
Press
Careers
About Us
Blog
Contact Us
Trust & Safety
PhonePe | Hamburger Menu
✕
Home
Our Solutions
For Businessesarrow
icon
Offline Payments
icon
Payment Gateway
icon
Payment Gateway Partner
icon
Payment Links
icon
Merchant Lending
icon
Switch
icon
PhonePe Ads
icon
PhonePe Guardian
See all

For Consumersarrow
icon
Insurance
icon
Investments
icon
Consumer Lending
icon
Gold
Press
Careers
About Us
Blog
Contact Us
Trust & Safety
Privacy Policy

অভিযোগ সম্পৰ্কীয় পলিচি

Englishગુજરાતીதமிழ்తెలుగుमराठीമലയാളംঅসমীয়াবাংলাहिन्दीಕನ್ನಡଓଡ଼ିଆ

PhonePe এপ্লিকেশ্বন PhonePe প্ৰাইভেট লিমিটেড (আগৰ FX মাৰ্ট প্ৰাইভেট লিমিটেড)ৰ দ্বাৰা বিকশিত কৰা হৈছে, যিটো কোম্পানী অধিনিয়ম, 1956ৰ অধীনত অন্তৰ্ভুক্ত এটা কোম্পানী যিটোৰ পঞ্জীভুক্ত কাৰ্যালয় আছে কাৰ্যালয় -2, ফ্ল’ৰ 4,5,6,7, ৱিং A, ব্লক A, ছালাৰপুৰিয়া ছফ্টজ’ন, ছাৰ্ভিচ ৰোড, গ্ৰীন গ্লেন লে’আউট, বেলাণ্ডুৰ, বেংগালুৰু, কৰ্ণাটক-KA, পিন- 560103।      

আমি PhonePeত আমাৰ ওপৰত থকা বিশ্বাসৰ মূল্য দিওঁ আৰু আপোনাক সৰ্বোত্তম অভিজ্ঞতা প্ৰদান কৰিবলৈ চেষ্টা কৰোঁ। গ্ৰাহকসকলক ন্যায়পূৰ্ণভাবে আৰু নম্ৰতাৰে আচৰণ কৰি সময়ানুসৰি আৰু দক্ষতাৰে গ্ৰাহকৰ অভিযোগৰ নিষ্পত্তি কৰিবলৈ আমাৰ অভিযোগ সম্পৰ্কীয় নীতি তৈয়াৰ কৰা হৈছে। 

আমাৰ প্ৰচেষ্টা হৈছে PhonePe এপৰ জৰিয়তে লেনদেন কৰোঁতে আপোনাক নিখুঁত অভিজ্ঞতা প্ৰদান কৰা আৰু যেতিয়া প্ৰয়োজন হয় আমাৰ এপৰ ভিতৰুৱা গ্ৰাহকৰ সমস্যা নিবাৰণৰ সহায়ক প্ৰক্ৰিয়া আপোনাৰ সকলো সমস্যা নিবাৰণ কৰিবলৈ সক্ষম। বিভিন্ন মানৱীয়, নেটৱৰ্ক বা ছিষ্টেমৰ ত্ৰুটি, বেছি মনোযোগ দিবলগীয়া আৰু অনুকূলিত সমস্যা নিবাৰণৰ প্ৰয়োজন হোৱা বিৰল পৰিস্থিতিত আপুনি ক্ৰম অনুসৰি তলৰ সমস্যা নিবাৰণৰ পদ্ধতি চাব পাৰে।

অভিযোগ নিবাৰণ

আপোনাৰ সমস্যাসমূহ উপযুক্ত গোটলৈ নিৰ্দেশিত কৰাটো আৰু তেওঁলোকৰ দ্বাৰা সমস্যা সমাধান কৰাটো নিশ্চিত কৰিবলৈ আমি এস্কে’লেশ্বন মেট্ৰিক্স তৈয়াৰ কৰিছোঁ। আপোনাৰ সমস্যা সময়ানুসৰি সমাধান কৰাটো নিশ্চিত কৰিবলৈ তলৰ এস্কে’লেশ্বন মেট্ৰিক্স পঢ়িবলৈ আৰু বুজিবলৈ আপোনাক অনুৰোধ কৰা হৈছে।  

আমাৰ গ্ৰাহকসকলক আত্ম-সহায়তা প্ৰদান কৰা আমাৰ সহায়ক পৃষ্ঠাসমূহ সাৱধানেৰে পঢ়িবলৈ আমি আপোনাক পৰামৰ্শ দিওঁ, আপুনি ফ’ন, ইমেইল বা PhonePe এপৰ জৰিয়তে আমাৰ গ্ৰাহক সেৱা দলৰ সৈতে যোগাযোগ কৰিব পাৰে।  আমাৰ এপৰ ভিতৰুৱা সহায়ক চেনেল বৃহত্‍ পৰিমাণৰ গ্ৰাহকৰ অভিযোগ সমাধান কৰিবলৈ                 সক্ষম।

যিকোনো অস্বাভাৱিক পৰিস্থিতিত, আপুনি যদি সমস্যাটোৰ অভিযোগ পৰৱৰ্তী স্তৰলৈ লৈ যাব বিচাৰে, আপুনি নিশ্চিত কৰিব লাগিব যাতে আপুনি ইতিমধ্যে আগৰ স্তৰ(সমূহ) সমাপ্ত কৰিছে আৰু আপোনাৰ সমস্যা সমাধান নোহোৱাকৈ আছে বা আপুনি সন্তুষ্ট হোৱাকৈ সমাধান হোৱা নাই।          

সেৱাৰ স্তৰসমূহ

ৰিচাৰ্জ, বিল পৰিশোধ, PhonePe ৱালেট, PhonePe উপহাৰ কাৰ্ড, UPI (ইউনিফাইড পে’মেণ্টছ ইণ্টাৰফে’চ), ষ্ট’ৰ, বিনিয়োগ, PhonePe ছুইচ আৰু ভাউচাৰ।

স্তৰ – 1

  1. অভিযোগ পঞ্জীয়ন:
    • আপুনি PhonePe এপৰ গৃহ পৃষ্ঠাত থকা (?) চিহ্নত ক্লিক কৰি PhonePe গ্ৰাহক সেৱাত আপোনাৰ অভিযোগ পঞ্জীয়ন কৰিব পাৰে। 
    • আমি দৈনিক 24 ঘণ্টা আৰু সপ্তাহত 7 দিন গ্ৰাহক সেৱা প্ৰদান কৰোঁ।
  2. অভিযোগৰ নিষ্পত্তি:
    • অভিযোগ পোৱাৰ 24 ঘণ্টাৰ ভিতৰত আমি আপোনাক আমাৰ প্ৰথম সঁহাৰি প্ৰদান কৰিবলৈ দায়বদ্ধ।
    • আমি 3টা ব্যৱসায়িক দিনৰ ভিতৰত আপোনাৰ সকলো অভিযোগ/প্ৰশ্নৰ সমাধান কৰিবলৈ লক্ষ্য স্থিৰ কৰোঁ।
    • কাৰ্যকৰী বা প্ৰযুক্তিগত কাৰণৰ হেতুকে আপোনাৰ অভিযোগৰ নিষ্পত্তিত বিলম্ব হ’ব পাৰে। এনেকুৱা পৰিস্থিতিতত আপোনাক তত্‍পৰতাৰে সময়সীমা সম্পৰ্কে অৱগত কৰা হ’ব যাৰ ভিতৰত আপোনাৰ অভিযোগৰ নিষ্পত্তি কৰা হ’ব।
    • কিছু পৰিস্থিতিৰ ক্ষেত্ৰত, যদিহে কোনো এটা অভিযোগৰ নিষ্পত্তি তাত্‍ক্ষণিক হয়, সেইটো ছিষ্টেমত প্ৰতিফলিত হওঁতে সময় ল’ব পাৰে। উদাহৰণস্বৰূপে, ৰিফাণ্ডৰ অনুমোদন তাত্‍ক্ষণিক হ’ব পাৰে, কিন্তু ধনখিনি একাউণ্টত দেখা পাবলৈ 3-10 দিন লাগিব পাৰে। অনুগ্ৰহ কৰি মন কৰিব যে এনেকুৱা বিলম্ব বেংকিং আৰু অন্য কাৰ্যকৰী সমস্যাৰ কাৰণত হ’ব পাৰে।
    • একাধিক এজেঞ্চী জড়িত থকাৰ বাবে ‘প্ৰৱঞ্চনা আৰু বিপদাশংকাৰ মূল্যায়ন’ সম্পৰ্কীয় অভিযোগৰ অনুসন্ধান কৰোঁতে দীঘলীয়া সময় ল’ব পাৰে। এনেকুৱা ঘটনাবোৰত বিবাদ নিষ্পত্তিৰ সময় ঘটনাটোৰ প্ৰাৱল্য আৰু জটিলতাৰ ওপৰত নিৰ্ভৰশীল। এনেকুৱা ঘটনাবোৰত আপোনাক সময়সীমা সম্পৰ্কে তত্‍পৰতাৰে অৱগত কৰা হ’ব। 

      টোকা: বিবাদ নিষ্পত্তিত কোনো বিলম্ব হ’লে ব্যৱহাৰকাৰীসকলক তত্‍পৰতাৰে অৱগত কৰা হয়। যদিহে ব্যৱহাৰকাৰী সন্তুষ্ট নহয়, তেন্তে স্তৰ 2লৈ অভিযোগ লৈ যোৱা হয়।

স্তৰ – 2

  1. অভিযোগৰ পঞ্জীয়ন:
    আপোনাৰ অভিযোগ লৈ যাবলৈ আপুনি তলৰ যিকোনো চেনেললৈ যাব পাৰে।https://support.phonepe.comত এটা অভিযোগ পঞ্জীয়ন কৰক।

    080-68727374/022-68727374ত আমাৰ গ্ৰাহক সমৰ্থন কেন্দ্ৰত কল কৰক।
  2. অভিযোগৰ নিষ্পত্তি:

    অভিযোগ লাভ কৰাৰ 24 ঘণ্টাৰ ভিতৰত প্ৰথম সঁহাৰি প্ৰদান কৰিবলৈ আমি দায়বদ্ধ।

    আমি 3টা ব্যৱসায়িক দিনৰ ভিতৰত স্তৰ 2ৰ সকলো অভিযোগৰ নিষ্পত্তি কৰিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ। বিবাদ নিষ্পত্তিৰ সময়ত কোনো বিলম্ব হ’লে আপোনাক তত্‍পৰতাৰে যোগাযোগ কৰা হ’ব।

স্তৰ – 3

অভিযোগৰ পঞ্জীয়ন:

যদি আপোনাৰ সমস্যাটো পূৰ্বৱৰ্তী স্তৰত সমাধান কৰা হোৱা নাই, তেন্তে আপুনি অভিযোগ ডেস্কৰ ওচৰলৈ যাব পাৰে

  • PhonePe QRৰ বাহিৰে অন্য় পদ্ধতিৰ জৰিয়তে কৰা পৰিশোধ সম্পৰ্কীয় সমস্যাৰ বাবে 30 দিনৰ ভিতৰত
  • আন যিকোনো ধৰণৰ লেনদেন সম্পৰ্কীয় সমস্যাৰ বাবে 10 দিনৰ ভিতৰত

তথ্য প্ৰযুক্তি অধিনিয়ম 2000 আৰু তাৰ নিয়মাৱলী অনুসৰি, অভিযোগ বিষয়াৰ নাম আৰু যোগাযোগৰ সবিশেষ তলত প্ৰদান কৰা হৈছে:

যোগাযোগ: 
মুখ্য় ন’ডেল বিষয়া – ছিনু সুধাকৰ
ন’ডেল বিষয়া / অভিযোগ বিষয়া – ছিঞ্চন কুমাৰ সাহা
ফ’ন: 080-68727374/022-68727374ৱেবপৃষ্ঠা: https://grievance.phonepe.com/
ঠিকনা – কাৰ্যালয়-2, ফ্ল’ৰ 4,5,6,7, ৱিং A, ব্লক A, ছালাৰপুৰিয়া ছফ্টজ’ন,  ছাৰ্ভিচ ৰোড, গ্ৰীন গ্লেন লে’আউট, বেলাণ্ডুৰ, বেংগালুৰু, কৰ্ণাটক-KA, পিন- 560103।
কৰ্মঘন্টা: সোম-শুকুৰ ৰাতিপুৱা 10 বজাৰ পৰা বিয়লি 7 বজালৈ।

2. অভিযোগ সমাধান:

অভিযোগটো পোৱা 24 ঘন্টাৰ ভিতৰত প্ৰথম সঁহাৰি জনাবলৈ আমি দায়বদ্ধ। 7টা ব্যৱসায়িক দিনৰ ভিতৰত স্তৰ 3ৰ সকলো অভিযোগ নিষ্পত্তি কৰিবলৈ আমি লক্ষ্য নিৰ্ধাৰণ কৰোঁ। নিষ্পত্তিৰ সময়ত কোনো বিলম্ব হ’লে আপোনাৰ সৈতে তত্‍পৰতাৰে যোগাযোগ কৰা হ’ব।

স্তৰ – 4

যদি আপোনাৰ প্ৰশ্ন বা অভিযোগ আগৰ স্তৰবিলাকত 30 দিনৰ ভিতৰত সন্তোষজনকভাবে নিষ্পত্তি হোৱা নাই, আপুনি ডিজিটেল লোকপালৰ সৈতে যোগাযোগ কৰিব পাৰে।

লোকপালক অভিযোগ দিয়াৰ প’ৰ্টেল: https://cms.rbi.org.in/
ট’ল- ফ্ৰী ফ’ন নং.: 14448
ইমেইল আইডি: [email protected]
ঠিকনা – কেন্দ্ৰীভূত প্ৰাপ্তি আৰু প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ, ভাৰতীয় ৰিজাৰ্ভ বেংক, 4 নং ফ্ল’ৰ, ছেক্টৰ 17, চণ্ডীগড় – 160017
অধিক সবিশেষৰ বাবে, অনুগ্ৰহ কৰি এইটো লিংক চাওক – RBI লোকপাল।

গ্ৰাহকৰ দায়বদ্ধতাৰ সীমা

অকৰ্তৃত্বশীল পেইমেণ্টৰ লেনদেনৰ পৰা উদ্ভূত এগৰাকী গ্ৰাহকৰ দায়বদ্ধতা এইবোৰত সীমিত:

ক্ৰমিক নং.নিৰ্দিষ্ট বিষয়গ্ৰাহকৰ সৰ্বাধিক দায়বদ্ধতা
1PhonePeৰ দ্বাৰা হোৱা প্ৰৱঞ্চনা/অৱহেলা/অভাৱ (গ্ৰাহকৰ দ্বাৰা লেনদেনৰ অভিযোগ কৰা হওক বা নহওক)শূন্য
2তৃতীয় পক্ষৰ দ্বাৰা হোৱা উলংঘন যিক্ষেত্ৰত দায়বদ্ধতাৰ অভাৱ PhonePe অথবা গ্ৰাহকৰ নহয় কিন্তু সেয়া ছিষ্টেমৰ আন কিহবাৰহে আৰু অকৰ্তৃত্বশীল পেইমেণ্টৰ লেনদেনৰ সম্পৰ্কত গ্ৰাহকে PhonePeক জনায়। এনে ঘটনাবোৰত প্ৰতি লেনদেনত গ্ৰাহকৰ দায়বদ্ধতা PhonePeৰ পৰা কৰা গ্ৰাহকে পোৱা লেনদেন সম্পৰ্কীয় যোগাযোগ আৰু PhonePeত গ্ৰাহকে কৰা অকৰ্তৃত্বশীল লেনদেনৰ ৰিপ’ৰ্টৰ মাজত পাৰ হোৱা দিনৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে।
i. তিনি দিনৰ ভিতৰত#শূন্য
ii. চাৰিৰ পৰা সাত দিনৰ ভিতৰত#লেনদেন মূল্য বা প্ৰতি লেনদেনত ₹10,000/-, যিটোৱেই নিম্ন হয়
iii. সাত দিনৰ পাছত#PhonePeএ প্ৰতিটো কে’ছৰ ক্ষেত্ৰত সিদ্ধান্ত ল’ব
3যেতিয়া এগৰাকী গ্ৰাহকৰ আওকণীয়া মনোভাৱৰ কাৰণে লোকচান হয়, যেনে তেওঁ পেইমেণ্টৰ গোপনীয় তথ্য সহভাগ কৰিছে, তেনে ক্ষেত্ৰত গ্ৰাহকে PhonePeক অকৰ্তৃত্বশীল লেনদেন সম্পৰ্কে অৱগত নকৰালৈতে তেওঁ সমগ্ৰ ক্ষতি বহন কৰিব। অকৰ্তৃত্বশীল লেনদেন সম্পৰ্কে অৱগত কৰাৰ পাছত হোৱা যিকোনো ক্ষতি PhonePeএ বহন কৰিব।
4PhonePeএ তেওঁলোকৰ বিবেচনা অনুসৰি আনকি গ্ৰাহকৰ গাফিলতিৰ ক্ষেত্ৰতো অকৰ্তৃত্বশীল ইলেক্ট্ৰনিক পেইমেণ্টৰ লেনদেন হ’লে গ্ৰাহকৰ দায়বদ্ধতা ৰেহাই দিয়াৰ সিদ্ধান্ত ল’ব পাৰে।

সীমিত দায়বদ্ধতাৰ বিষয়ত গ্ৰাহকৰ দায়িত্বশীলতা

  • গ্ৰাহকসকলে শক্তিশালী পাছৱৰ্ড আৰু পিন ব্যৱহাৰ কৰি তেওঁলোকৰ একাউণ্টসমূহ সুৰক্ষিত কৰিবলৈ যথোপযুক্ত ব্যৱস্থা ল’বই লাগিব, যিবোৰ নিয়মীয়া অন্তৰালত সলনি কৰাটো প্ৰয়োজনীয়। পিন/পাছৱৰ্ড আৰু অ’টিপি PhonePeৰ কৰ্মচাৰীসকলকে ধৰি ইমেইল/টেলিফোনৰ মাধ্যমেৰে কোনো ব্যক্তিৰ সৈতে কেতিয়াও সহভাগ কৰিব নালাগে।
  • গ্ৰাহকসকলে তথ্য আপ-টু-ডে’ট কৰি ৰাখিবলৈ আৰু সতৰ্কীকৰণ পাই থাকিবলৈ তেওঁলোকৰ ম’বাইল নম্বৰ আৰু ইমেইল আইডিসমূহ নিয়মীয়াকৈ আপডে’ট কৰি থাকিবই লাগিব।
  • ইলেক্ট্ৰনিক পেইমেণ্টৰ লেনদেনসমূহৰ বাবে গ্ৰাহকসকলে SMS সতৰ্কীকৰণ আৰু ই-মেইল সতৰ্কীকৰণ (যিয়েই প্ৰযোজ্য হয়)ৰ কাৰণে বাধ্যতামূলকভাবে পঞ্জীয়ন কৰিবই লাগিব।
  • যিকোনো অকৰ্তৃত্বশীল লেনদেন চিনাক্ত কৰিবলৈ গ্ৰাহকসকলে SMS সতৰ্কীকৰণৰ পৰা বা ম’বাইলৰ জৰিয়তে নিয়মীয়াকৈ লেনদেনসমূহ নিৰীক্ষণ কৰি থকাটো প্ৰয়োজনীয়।
  • একাউণ্টত হোৱা যিকোনো অকৰ্তৃত্বশীল লেনদেনৰ প্ৰতিবেদন তত্‍ক্ষণাত PhonePeক দিয়াটো গ্ৰাহকৰ দায়বদ্ধতা।

BBPSৰ বিবাদ উত্থাপন কৰক

BBPSত কোনো বিল দিয়াৰ বিবাদৰ বিষয় উত্থাপন কৰিবলৈ ইয়াত ক্লিক কৰক

  • এইটো লিংকৰ জৰিয়তে উত্থাপন কৰা অভিযোগসমূহ NPCI নিযুক্ত কাৰ্যকৰী গোটসমূহৰ দ্বাৰা নিষ্পত্তি কৰা হয়। 
  • অনুগ্ৰহ কৰি মন কৰিব যে  PhonePeএ এই অভিযোগসমূহ চোৱাচিতা নকৰে আৰু অভিযোগটোৰ নিষ্পত্তি হ’লে কোনো সূচনা প্ৰেৰণ নকৰে।

আধাৰ eKYC অভিযোগৰ প্ৰতিকাৰ

  • আধাৰ eKYC আৰু সন্মতি প্ৰত্যাহাৰ সম্পৰ্কীয় সমস্যাসমূহৰ বাবে এগৰাকী ব্যৱসায়ীয়ে তলত দিয়া উপায়সমূহৰ জৰিয়তে যোগাযোগ কৰিব বা এটা অভিযোগ উত্থাপন কৰিব পাৰে:
    • ব্যৱসায়ীসকলে  080-6872-7777/ 022-6872-7777ত অন্তৰ্গামী সহায়ক দলৰ সৈতে যোগাযোগ কৰিব পাৰে। আমি ৰাতিপুৱা 7 বজাৰ পৰা মাজনিশা 12 বজালৈ সহায় আগবঢ়াওঁ।
    • ব্যৱসায়ীসকলে PhonePe Business এপৰ হোম পৃষ্ঠাৰ (?) আইকনত ক্লিক কৰি PhonePe মাৰ্চেণ্ট সহায়তাৰ জৰিয়তে এটা টিকট উত্থাপন কৰিব পাৰে।
  • অভিযোগটো পঞ্জীভুক্ত উত্‍স, পঞ্জীভুক্ত ইমেইল আইডি বা পঞ্জীভুক্ত ম’বাইল নম্বৰৰ পৰা পোৱা হৈছেনে নাই সেয়া ব্যৱসায়ীগৰাকীয়ে  নিশ্চিত কৰে। উত্থাপন কৰা সমস্যাসমূহৰ প্ৰকাৰৰ ভিত্তিত সম্পৰ্কিত অভ্য়ন্তৰীণ দললৈ টিকটটো আগবঢ়াই দিয়া হ’ব যিসকলে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সেইটো সমাধান কৰিব।   
  • অনব’ৰ্ডিং সম্পৰ্কীয় সমস্যাসমূহৰ বাবে সমস্যা সমাধানৰ সময়সীমা 5টা কৰ্মদিন হ’ব আৰু সন্মতি প্ৰত্যাহাৰৰ সময়সীমা 30টা কেলেণ্ডাৰ দিন হ’ব।

ব্যৱসায়ীৰ অভিযোগৰ প্ৰতিকাৰ

অফলাইন ব্যৱসায়ীসকলৰ বাবে

স্তৰ – 1

  1. অভিযোগ পঞ্জীয়ন:
    1. আপুনি PhonePe Business এপৰ গৃহ পৃষ্ঠাৰ (?) আইকনত ক্লিক কৰি PhonePe মাৰ্চেণ্ট সহায়ৰ জৰিয়তে নিজৰ অভিযোগ পঞ্জীয়ন কৰিব পাৰে।     
    2. বিকল্পভাৱে, আপুনি লগতে PhonePe Business ডেশ্বব’র্ডৰ গৃহ পৃষ্ঠাৰ (?) আইকনত ক্লিক কৰি https://business.phonepe.com/faqত নিজৰ অভিযোগ পঞ্জীয়ন কৰিব পাৰে।
    3. আমাৰ গ্ৰাহক সেৱা দৈনিক 24 ঘণ্টা আৰু সপ্তাহত 7 দিনেই উপলব্ধ।

2. অভিযোগের সমাধান:

  •  অভিযোগ লাভ কৰাৰ 24 ঘণ্টাৰ ভিতৰত আমি আপোনাক আমাৰ প্ৰথম সঁহাৰি প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
  •  আমি 7 দিনৰ ভিতৰত আপোনাৰ সকলো অভিযোগ/প্ৰশ্ন সমাধান কৰাৰ লক্ষ্য গ্ৰহণ কৰিছোঁ
  •   বেংকিং, কাৰ্যকৰী বা কাৰিকৰী কাৰণত আপোনাৰ অভিযোগ নিষ্পত্তি কৰাত পলম হ’ব পাৰে। এনে পৰিস্থিতিত, আপোনাৰ অভিযোগটো নিষ্পত্তি কৰাৰ সময়সীমাৰ বিষয়ে আপোনাক আগতীয়াকৈ অৱগত কৰা হ’ব।
  • ‘প্ৰৱঞ্চনা আৰু বিপদাশংকা মূল্যায়ন’ সম্পৰ্কীয় অভিযোগবোৰত প্ৰায়ে একাধিক সংস্থা জড়িত থকাৰ বাবে অনুসন্ধান কৰিবলৈ অধিক সময় লয়। এনে ক্ষেত্ৰত সমাধানৰ সময় গোচৰটোৰ গম্ভীৰতা আৰু জটিলতাৰ ওপৰত নিৰ্ভৰশীল হয়। এনে ক্ষেত্ৰত আপোনাক সময়সীমাৰ বিষয়ে আগতীয়াকৈ অৱগত কৰা হ’ব।

টোকা: ব্যৱহাৰকাৰীসকলক সমাধানৰ বিলম্বৰ বিষয়ে আগতীয়াকৈ অৱগত কৰা হয়।

যদি ব্যৱহাৰকাৰী সন্তুষ্ট নহয়, তেন্তে অভিযোগবোৰ স্তৰ 2 লৈ এস্কে’লে’ট কৰা হয়।

স্তৰ – 2

  1. অভিযোগ দায়ের করা:

নিজৰ অভিযোগ এস্কে’লে’ট কৰিবলৈ আপুনি নিম্নলিখিত চেনেল ব্যৱহাৰ কৰিব পাৰে। আমাৰ মাৰ্চেণ্ট সহায় কেন্দ্ৰৰ সৈতে 080-6872-7777/ 022-6872-7777ত যোগাযোগ কৰক। আমি পুৱা 7 বজাৰ পৰা মাজনিশা 12 বজালৈকে সহায় আগবঢ়াওঁ।

2. অভিযোগের সমাধান:

  • আমি ফ’ন কলৰ সময়তে প্ৰথম সঁহাৰি প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ                            
  • আমি 7 দিনৰ ভিতৰত স্তৰ 2ৰ সকলো অভিযোগ সমাধান কৰাৰ লক্ষ্য গ্ৰহণ কৰিছোঁ। সমাধানৰ সময়সীমাত হোৱা যিকোনো বিলম্বৰ বিষয়ে আপোনাক আগতীয়াকৈ জনোৱা হ’ব।

স্তৰ – 3

1.       অভিযোগ পঞ্জীয়ন:

তথ্য প্ৰযুক্তি আইন, 2000 আৰু ইয়াৰ অধীনত উল্লেখ কৰা নিয়ম অনুসৰি, ন’ডেল বিষয়া আৰু মুখ্য ন’ডেল বিষয়াৰ নাম আৰু যোগাযোগৰ তথ্য তলত উল্লেখ কৰা হৈছে:

যোগাযোগ:
মুখ্য ন’ডেল বিষয়া – ছিনু সুধাকৰ 
ন’ডেল বিষয়া /অভিযোগ বিষয়া – ছিঞ্চন কুমাৰ সাহা
ফ’ন: 080-68727374/022-68727374
ৱেবপৃষ্ঠা: https://grievance.phonepe.com/ঠিকনা – কাৰ্যালয়-2, ফ্ল’ৰ 4,5,6,7, ৱিং A, ব্লক A,, ছালাৰপুৰিয়া ছফ্টজ’ন, ছাৰ্ভিচ ৰোড, গ্ৰীণ গ্লেন লে’আউট, বেলাণ্ডুৰ, বেংগালুৰু, কৰ্ণাটকা-KA, পিন- 560103।
কৰ্মঘন্টা:: সোম-শুক্ৰ পুৱা 10 বজাৰ পৰা সন্ধিয়া 7 বজা।

2.       অভিযোগের সমাধান:

অভিযোগ পোৱাৰ 24 ঘণ্টাৰ ভিতৰত আমি প্ৰথম সঁহাৰি প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
আমি 7 টা ব্যৱসায়িক দিনৰ ভিতৰত স্তৰ 3ৰ সকলো অভিযোগ সমাধান কৰাৰ লক্ষ্য গ্ৰহণ কৰিছোঁ। সমাধানৰ ক্ষেত্ৰত কোনো বিলম্ব হ’লে সেই বিষয়ে আপোনাক আগতীয়াকৈ জনোৱা হ’ব।

স্তৰ – 4

যদি পূৰ্বৰ স্তৰবোৰত 30 দিনৰ ভিতৰত আপোনাৰ প্ৰশ্ন বা অভিযোগৰ সন্তোষজনক সমাধান লাভ নকৰে, তেন্তে আপুনি ডিজিটেল লোকপালৰ সৈতে যোগাযোগ কৰিব পাৰে।

লোকপালক অভিযোগ দিয়াৰ প’ৰ্টেল: https://cms.rbi.org.in/
ট’ল-ফ্ৰী ফ’ন নম্বৰ: 14448
ইমেইল আইডি: [email protected]
ঠিকনা – কেন্দ্ৰীভূত ৰচিদ আৰু প্ৰক্ৰিয়া কেন্দ্ৰ, ভাৰতীয় ৰিজাৰ্ভ বেংক, 4ৰ্থ মহলা, ছেক্টৰ 17, চণ্ডীগঢ় – 160017
অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি এই  লিংকটো চাওক – RBI Ombudsman।

অনলাইন ব্যৱসায়ীৰ বাবে

স্তৰ – 1

1. অভিযোগ পঞ্জীয়ন:

a. আপুনি [email protected]লৈ লিখি PhonePe মাৰ্চেণ্ট সহায়ৰ ওচৰত নিজৰ অভিযোগ পঞ্জীয়ন কৰিব পাৰে।

b. আমাৰ মাৰ্চেণ্ট সহায়তা দৈনিক ৰাতিপুৱা 10 বজা – সন্ধিয়া 7 বজালৈ আৰু সপ্তাহত 7 দিনেই উপলব্ধ হয়।

2. অভিযোগৰ সমাধান:

a. অভিযোগ লাভ কৰাৰ 24 ঘণ্টাৰ ভিতৰত আমি আপোনাক আমাৰ প্ৰথম সঁহাৰি প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

b. আমি 7 দিনৰ ভিতৰত আপোনাৰ সকলো অভিযোগ/প্ৰশ্ন সমাধান কৰাৰ লক্ষ্য গ্ৰহণ কৰিছোঁ

c. বেংকিং, কাৰ্যকৰী বা কাৰিকৰী কাৰণত আপোনাৰ অভিযোগ নিষ্পত্তি কৰাত পলম হ’ব পাৰে। এনে পৰিস্থিতিত, আপোনাৰ অভিযোগটো নিষ্পত্তি কৰাৰ সময়সীমাৰ বিষয়ে আপোনাক আগতীয়াকৈ অৱগত কৰা হ’ব।

d. ‘প্ৰৱঞ্চনা আৰু বিপদাশংকা মূল্যায়ন’ সম্পৰ্কীয় অভিযোগবোৰত প্ৰায়ে একাধিক সংস্থা জড়িত থকাৰ বাবে অনুসন্ধান কৰিবলৈ অধিক সময় লয়। এনে ক্ষেত্ৰত সমাধানৰ সময় গোচৰটোৰ গম্ভীৰতা আৰু জটিলতাৰ ওপৰত নিৰ্ভৰশীল হয়। এনে ক্ষেত্ৰত আপোনাক সময়সীমাৰ বিষয়ে আগতীয়াকৈ অৱগত কৰা হ’ব।

টোকা: ব্যৱহাৰকাৰীসকলক সমাধানত বিলম্বৰ বিষয়ে সক্ৰিয়ভাৱে অৱগত কৰা হয়।

স্তৰ 2

1.  অভিযোগ পঞ্জীয়ন:

তথ্য প্ৰযুক্তি আইন, 2000 আৰু ইয়াৰ অধীনত উল্লেখ কৰা নিয়ম অনুসৰি, ন’ডেল বিষয়া আৰু মুখ্য ন’ডেল বিষয়াৰ নাম আৰু যোগাযোগৰ তথ্য তলত উল্লেখ কৰা হৈছে:

যোগাযোগ:

মুখ্য ন’ডেল বিষয়া – চিনু সুধাকৰ 

ন’ডেল বিষয়া /অভিযোগ বিষয়া – সিঞ্চন কুমাৰ সাহা

ফ’োন: 080-6872-7777/ 022-6872-7777

ৱেবপেজ: https://grievance.phonepe.com/

ঠিকনা – অফিচ-2, ফ্ল’ৰ 4,5,6,7, ৱিং এ, ব্লক এ, ছালাৰপুৰীয়া ছফ্টজ’ন, ছাৰ্ভিচ ৰ’ড, গ্ৰীণ গ্লেন লেআউট, বেলান্দুৰ, বেংগালুৰু, কৰ্ণাটক-কেএ, পিন- 560103।

কৰ্ম সময়: সোম-শুক্ৰ ৰাতিপুৱা 10 বজাৰ পৰা সন্ধিয়া 7 বজা।

2.  অভিযোগৰ সমাধান:

অভিযোগ পোৱাৰ 24 ঘণ্টাৰ ভিতৰত আমি প্ৰথম সঁহাৰি প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

আমি 7টা ব্যৱসায়িক দিনৰ ভিতৰত স্তৰ 2-ৰ সকলো অভিযোগ সমাধান কৰাৰ লক্ষ্য গ্ৰহণ কৰিছোঁ। সমাধানৰ ক্ষেত্ৰত কোনো বিলম্ব হ’লে সেই বিষয়ে আপোনাক আগতীয়াকৈ জনোৱা হ’ব।

স্তৰ – 3

যদি পূৰ্বৰ স্তৰবোৰত 30 দিনৰ ভিতৰত আপোনাৰ প্ৰশ্ন বা অভিযোগৰ সন্তোষজনক সমাধান লাভ নকৰে, তেন্তে আপুনি ডিজিটেল লোকপালৰ সৈতে যোগাযোগ কৰিব পাৰে।

লোকপালৰ অভিযোগ পঞ্জীয়ন কৰা প’ৰ্টেল: https://cms.rbi.org.in/

ট’ল্-ফ্ৰী ফ’ন নম্বৰ: 14448

ইমেইল আইডি: [email protected]

ঠিকনা – কেন্দ্ৰীভূত ৰচিদ আৰু প্ৰক্ৰিয়া কেন্দ্ৰ, ভাৰতীয় ৰিজাৰ্ভ বেংক, 4ৰ্থ মহলা, ছেক্টৰ 17, চণ্ডীগঢ় – 160017অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি এই লিংকটো চাওক – RBI লোকপাল।

PhonePe Logo

Business Solutions

  • Payment Gateway
  • Guardian by PhonePe
  • Express Checkout
  • PhonePe Switch
  • Offline Merchant
  • Advertise on PhonePe
  • SmartSpeaker
  • PhonePe Lending
  • POS Machine
  • Payment Links

Insurance

  • Motor Insurance
  • Bike Insurance
  • Car Insurance
  • Health Insurance
  • Arogya Sanjeevani Policy
  • Life Insurance
  • Term Life Insurance
  • Personal Accident Insurance
  • Travel Insurance
  • International Travel Insurance

Investments

  • 24K Gold
  • Liquid Funds
  • Tax Saving Funds
  • Equity Funds
  • Debt Funds
  • Hybrid Funds

General

  • About Us
  • Careers
  • Contact Us
  • Press
  • Ethics
  • Report Vulnerability
  • Merchant Partners
  • Blog
  • Tech Blog
  • PhonePe Pulse

Legal

  • Terms & Conditions
  • Privacy Policy
  • Grievance Policy
  • How to Pay
  • E-Waste Policy
  • Trust & Safety
  • Global Anti-Corruption Policy

See All Apps

Download PhonePe App Button Icon

PhonePe Group

  • Indus Appstoreexternal link icon
  • Share.Marketexternal link icon
  • Pincodeexternal link icon

Certification

Sisa Logoexternal link icon
LinkedIn Logo
Twitter Logo
Fb Logo
YT Logo
© 2024, All rights reserved
PhonePe Logo

Business Solutions

arrow icon
  • Payment Gateway
  • Guardian by PhonePe
  • Express Checkout
  • PhonePe Switch
  • Offline Merchant
  • Advertise on PhonePe
  • SmartSpeaker
  • PhonePe Lending
  • POS Machine
  • Payment Links

Insurance

arrow icon
  • Motor Insurance
  • Bike Insurance
  • Car Insurance
  • Health Insurance
  • Arogya Sanjeevani Policy
  • Life Insurance
  • Term Life Insurance
  • Personal Accident Insurance
  • Travel Insurance
  • International Travel Insurance

Investments

arrow icon
  • 24K Gold
  • Liquid Funds
  • Tax Saving Funds
  • Equity Funds
  • Debt Funds
  • Hybrid Funds

General

arrow icon
  • About Us
  • Careers
  • Contact Us
  • Press
  • Ethics
  • Report Vulnerability
  • Merchant Partners
  • Blog
  • Tech Blog
  • PhonePe Pulse

Legal

arrow icon
  • Terms & Conditions
  • Privacy Policy
  • Grievance Policy
  • How to Pay
  • E-Waste Policy
  • Trust & Safety
  • Global Anti-Corruption Policy

PhonePe Group

arrow icon
  • Indus Appstoreexternal link icon
  • Share.Marketexternal link icon
  • Pincodeexternal link icon

Certification

Sisa Logo

See All Apps

Download PhonePe App Button Icon
LinkedIn Logo
Twitter Logo
Fb Logo
YT Logo
© 2024, All rights reserved